Saturday 11 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (২)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

প'বলে ছেকৰ পৰা জৰ্জ ক্লুনীলৈ তামোল এখন খোৱাৰ বাট!

বাৰ্চিলোনাত আমাৰ প্ৰথম দিন৷ আমি আগতীয়াকৈ এপাৰ্টমেন্ট এটা ঠিক কৰি থৈছিলো৷ মূল চিটি চেন্টাৰৰ ওচৰতে ৰিকাৰ্ট নামৰ ঐতিহাসিক অঞ্চল এটাত৷ সুসজ্জিত এটা শোৱাকোঠাৰ সৈতে যাবতীয় সকলো বয়-বস্তু হাততে পোৱাকৈ থকা পাকঘৰ আৰু বহাকোঠা৷ বহাকোঠাতে প্ৰয়োজনত বিছনালৈ ৰূপান্তৰিত কৰি পেলাব পৰা কোমল চোফা ৷ তিনিজনৰ বাবে আৰামদায়ক এপাৰ্টমেন্ট৷

ৰিকাৰ্টৰ পৰা আটাইতকৈ ওচৰৰ মেট্ৰ’ ষ্টেচনটোৰ নাম প’বলে ছেক ৷ সন্ধিয়া গুগুল মেপত চাই আমি প’বলে ছেকৰ ওচৰতে থকা বিখ্যাত ব্লাই গলি (Blai street)ত ভৰি দিলোগৈ৷ পৰ্য্যটকেৰে গিজগিজাই থকা এখন ঠাই৷ আমিও অনায়াসে যেন সেই ভিৰৰ এটা অংশ হৈ পৰিলো৷



ব্লাই গলিৰ একাংশ

বাটৰ দুয়োকাষে পৰম্পৰাগত স্পেনিছ খাদ্যৰ শাৰী শাৰী ৰেষ্টুৰেন্ট৷ মাজতে ধুনীয়াকৈ সজাই থোৱা টেন্টৰ ভিতৰত চকী-টেবুল দি খোৱাৰ ব্যৱস্থা কৰি দিছে৷ কোনো কোনো টেন্টৰ মাজত জুই একুৰাও ধৰি থৈছে৷ সন্ধিয়াৰ পাতলীয়া ঠাণ্ডা, ৰঙীণ লাইট আৰু জুইৰ শিখাৰ মাজেৰে ছাঁ-পোহৰৰ খেলা, দেশী-বিদেশী পৰ্য্যটকৰ আহ-যাহ, উচ্ছাসপূৰ্ণ কথা-বতৰা- সকলো মিলি ব্লাই গলিয়ে এটা মোহনীয় ৰূপ লৈছে৷ 



দেখিলো, প্ৰায়বিলাক ৰেষ্ট্যুৰেন্টৰ সন্মুখত একোজন মানুহ থিয় দি ৰৈছে৷ হাতত একোখনকৈ মেন্যু৷ স্পেনিছ/ইংৰাজী মিহলি ভাষাত ৰেষ্ট্যুৰেন্টৰ জুতিলগা খাদ্য আৰু কম দামৰ কথা কৈ কৈ বাটৰ মানুহক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে৷ আমাকো তেনেকৈ এজনে সুবিধা বুজি ৰখাই লৈ বিভিন্ন স্পেনিছ খাদ্যৰ বৰ্ণনা দিবলৈ লাগিল৷ মানুহজনৰ ব্যৱসায় বুদ্ধিয়ে কাম দিলে (নে আমাৰ ’বুদ্ধিহীনতা’ (cluelessness)ই!), কি পাওঁ চাওঁচোন বুলিয়ে তিনিও সোমাই গ’লো৷ হৰেক ৰকমৰ ’টাপাজ’ৰ মাজৰ পৰা বীৰ আৰু প্ৰজ্ঞাই নিৰামিষবিধ বিচাৰিব লগা হ’ল৷ মই চকু মুদি শুনি ভাল লগা নাম এটাকে অৰ্ডাৰ কৰিলো৷


টাপাজ 
টাপাজ দেখিবলৈ সৰু কেক এটুকুৰাৰ দৰে, কিন্তু কেইবাতৰপীয়া৷ ধৰণ অনুসৰি প্ৰতিবিধৰ তৰপবোৰ বেলেগ বেলেগ হয়৷ অৱশ্যে তৰপবোৰৰ একেবাৰে ওপৰত অলিভ একোটা দিয়াটো নিয়মৰ দৰে৷ তৃপ্তিৰে টাপাজটো শেষ কৰি ৰেষ্টুৰেন্টৰ ব্যৱসায় বুদ্ধিৰ দ্বিতীয়বাৰ প্ৰয়োগ হোৱাৰ আগতেই অন্য এখনত নতুন কিবা পাওঁ নেকি চাওঁগৈ বুলি উঠিলো৷ 

পিছে ইমানবোৰৰ মাজৰ পৰা ক’ত খাঁটি স্পেনিছ খাদ্য পাম উলিয়াবলৈ ভাবিব লগা হ’ল৷ প্ৰজ্ঞাৰ থিয়ৰী-”ৰেষ্টুৰেন্টৰ মূল মানুহজন স্পেনিছ হ’লে তাৰ খাদ্যও স্পেনিছ হ’ব৷ কেইবাখনতো মিড’ল-ইষ্টৰ মানুহ দেখিলো৷ গতিকে সেইবোৰত নোসোমাই ভালকৈ চাই লৈ আচল স্পেনিছ ৰেষ্টুৰেন্টত সোমাম৷” 

শুনাত একেবাৰে পোনপটীয়া যেন লগা এই থিয়ৰীটোৱে পিছে কাম নিদিলে৷ অসুবিধা বহুত- ৰেষ্টুৰেন্টৰ কৰ্মকতাক বাহিৰৰ পৰা এনেকৈ দেখা পোৱাটো সহজ নহয়, দেখা পালেও মূল মুৰব্বী কোন কোৱা টান, ক’ব পাৰিলেও স্পেনিছ হয় নে নহয় বুজা টান৷ গতিকে প্ৰায় অসম্ভৱ৷ 

এইবাৰ মই চেষ্টা এটা চলালো, 
”ইমানবোৰ ৰেষ্টুৰেন্টৰ মাজতো কিছুমান প্ৰায় খালী, কিছুমানত ভৰি থ’বলৈ ঠাই নাই৷ ইয়াৰ মানুহ বা খা-খৱৰ লৈ অহা ট্যুৰিষ্টে জানে, কোনবোৰত ভাল খাদ্য পোৱা যায়-গতিকে তাতে ভিৰ কৰেগৈ৷ আমি ভিৰৰ মাজত সোমালেই হৈ যাব কিজানি৷” 

এইবাৰ কাম সিজিল৷ ভিৰৰ মাজতে এখন ৰেষ্ট্যুৰেন্টত টেবুল এখন অধিকাৰ কৰিলোগৈ৷ ৱেইটাৰজনে সলসলীয়া ইংৰাজী কয়৷ আমাক মেন্যুখন দেখুৱাই সুন্দৰকৈ বুজাই দিলে কি কি পোৱা যায়৷ 

স্পেনিছ পায়াৰ জুতি লৈ 
খন্তেক পিছতে লৈ আহিল ধোঁৱাই থকা ’পায়া’ (Paella)- স্পেইনৰ জাতীয় খাদ্য৷ দেখাত আমাৰ বিৰিয়ানিৰ দৰে৷ এবিধ ডাঙৰ চাউলৰ সৈতে বহু কেইবিধ পাচলি আৰু পছন্দৰ মাংস তেলত ভজা৷ জুতি অনুসৰি পায়াৰ উপকৰণ আৰু ৰন্ধন-প্ৰকৰণ বেলেগ বেলেগ হ’ব পাৰে৷ কিন্তু, চাউল, নহৰু, ছেফ্ৰ’ন আৰু নিমখ যিকোনো পায়াৰে মূল উপকৰণ৷  পায়া ৰন্ধা তাৱাৰ দৰে চেপেটা বাচনটোতে পৰিবেশনো কৰে৷ তৃপ্তিৰে খাই উঠি ঘৰলৈ বুলি খোঁজ দিওঁ মানে নিশা দহমান বাজিছে৷ 

উভতাৰ বাটত, এঠাইত এটা বিজ্ঞাপনত জৰ্জ ক্লুনীক দেখি মোৰ মনলৈ হঠাতে ভাব আহিল, 
”জৰ্জ ক্লুনীক কিয় ইমান আকৰ্ষণীয় বুলি কোৱা হয়!” প্ৰশ্নটো মুখলৈ আনিবলৈহে পালো, প্ৰজ্ঞা আৰু বীৰৰ মাজত লানি নিছিগা যুক্তি-তৰ্কৰ এখন ৰেলগাড়ীহে চলিল যেন! 

বীৰৰ মতে, ”জৰ্জ ক্লুনীৰ ব্যক্তিত্ব কৰিস্মেটিক৷ খুউব কম মানুহৰ মাজতেইটো বিউটি এণ্ড ব্ৰেইন একেলগে পোৱা যায়!” 

প্ৰজ্ঞাৰ যুক্তি, ”নাই, তেনেকুৱা বিউটি এণ্ড ব্ৰেইন দুয়োটাই থকা চেলিব্ৰিটী যথেষ্ট আছে৷ জৰ্জ ক্লুনীৰ আকৰ্ষণ পাৱাৰ কাপ’ল হিচাপেহে৷ তেওঁৰ পত্নী অমল সাংঘাতিক সফল আইনজ্ঞ হিচাপে ৷” 

-দুয়ো জৰ্জ ক্লুনী ভাৰছাছ অমল ক্লুনী নামৰ মেটছখনত সফলতাৰ স্ক’ৰ হিচাপ কৰিবলৈ লাগিল৷ মেটছখন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰিবলৈ (সেইখন মেটছ এতিয়াও চলি আছে!) মই ৰুলিং দিব লগা হ’ল, যেতিয়া হঠাতে উপলব্ধি কৰিলো যে কথাৰ লাচত আমি এপাৰ্টমেন্ট ক’ৰবাতে এৰি আহিলো৷ প’বলে ছেক মেট্ৰ’ ষ্টেচন পোৱাৰ পিছত বাওঁহাতে ঘুৰি ঘৰলৈ যোৱাৰ সলনি আমি পোনেই পোনেই আহি থাকিলো৷ 

বাৰ্চিলোনাত থকা পিছৰ কেইদিন জৰ্জ ক্লুনীয়ে পাহৰোৱা সেই প’বলে ছেক ষ্টেচনটোক আমি জৰ্জ ক্লুনী মেট্ৰ’ ষ্টেচন বুলিহে ক’বলৈ ল’লো৷ 

কাটালানসকলৰ প্ৰতি এমুঠি সহমৰ্মিতা 
দৈনন্দিন জীৱনত কিমান নিয়মানুৱৰ্তী হৈ থাকোঁ ক’ব নোৱাৰোঁ, কিন্তু বাৰ্চিলোনাত আমি আগতীয়াকৈ নিজৰ নিজৰ দায়িত্ব পালন কৰাত সচেষ্ট হ’লো৷ 

নিশা বীৰৰ মেপ অধ্যয়ন 
প্ৰতিনিশাই পিছদিনাৰ দিনটোৰ কাৰ্য্যসূচী ঠিক কৰা, ক’লৈ কেনেকৈ যাম ইত্যাদি গুগুল ককাইদেউৰ পৰা আগতীয়াকৈ জানি লোৱা, খৰচৰ হিচাপ-নিকাচ সকলোখিনি সাংঘাটিক তৎপৰতাৰে প্ৰত্যেকেই কৰি গ’লো৷ পিছে ইমানখিনিৰ পিছতো কিছু বিসংগতিয়ে দেখা নিদিয়াকৈ নাথাকিল৷ উদাহৰণ?Museu Nacional d'Art de Catalunya- কাটাল’নিয়াৰ এটা বিখ্যাত সংগ্ৰহালয়৷ আমি যোৱাৰ দিনা সোমবাৰ আছিল৷ গৈ পাইহে গম পালো সপ্তাহটোৰ মাথোঁ সেই বাৰতে প্ৰায়বিলাক অনুষ্ঠান বন্ধ থাকে৷ গতিকে আমাৰ আৰু বাৰ্চিলোনাত সংগ্ৰহালয় চোৱা নহ’ল৷ 

সংগ্ৰহালয়টো বাহিৰৰ পৰা 
অলিম্পিক ষ্টেডিয়ামত
তাৰ কাষতে থকা Estadi Olímpic Lluís Companys লৈকে পাক এটা মাৰিলো৷ ১৯২৭ চনতে সজা এই ষ্টেডিয়ামটো ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ মূল ষ্টেডিয়াম আছিল৷ অলিম্পিকৰ আৰম্ভণি আৰু সামৰণি দুয়োটা অনুষ্ঠানেই এই ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ প্ৰকৃততে এই অলিম্পিকৰ পিছতে পৰ্য্যটনৰ ক্ষেত্ৰখনত বাৰ্চিলোনাই নিগাজিকৈ খোপনি পুতি ল’লে৷ 

তাৰপৰা মন্টজুইক দূৰ্গলৈ যোৱাৰ হেঁপাহ হ’ল৷ খোঁজেৰেই অলপ দূৰ গৈ এঠাইত একো উৱাদিহ নোপোৱা হৈ ৰৈ গ’লো৷ চাৰিআলি এটা- গুগুল মেপত দূৰ্গটো পাবলৈ যি দিশে যাবলৈ উপদেশ দিছে, বীৰৰ হাতত থকা ট্যুৰিষ্ট মেপৰ দিশ সম্পূৰ্ণ বিপৰীত৷ প্ৰজ্ঞাই আকৌ বাটৰ চাইনবোৰ্ড চাই লৈ তৃতীয় বাট এটাৰেহে যাব লাগে বুলি ধৰিলে৷ বীৰে ক’লে, 

”নাই, এনেকৈ নহ’ব৷ স্পেইনৰ কিবা চৰকাৰী মেপিং এপ আছে নেকি বিচাৰি ইনষ্টল কৰি ল’ব লাগিব৷ সাধাৰণতে প্ৰায়বোৰ ইউৰোপীয়ান মহানগৰৰ নিজা এপ আছে- আৰু নিজৰটো চলাবলৈকে গুগুলক সেইবোৰে একো ইনফ’ নিদিয়ে৷ সেইকাৰণে গুগল মেপে ইয়াত কাম কৰা নাই চাগৈ৷” 

”সেয়া বাৰু পিছত হ’ব৷ এতিয়া কি কৰা যায়?”- মই কৈ উঠিলো৷

প্ৰজ্ঞাই ইফালে সিফালে চাই এজন বাটৰুৱাক মাত দিলেগৈ৷ ইংৰাজীত দুই এষাৰ কৈয়ে তাই বুজি পালে, তেওঁ কেৱল স্পেনিছ হে বুজি পায়৷ তাই আকাৰে ইংগিতে বাটৰ কথা সুধিবলৈ আৰম্ভ কৰোঁতেই মই ট্যুৰিষ্ট মেপত দূৰ্গটো দেখুৱাই সুধিলো, 

” ডিৰেকশ্যন প্লিজ? ন’ স্পেনিছ! অ’নলি ইংলিছ!” 
মানুহজনে বুজিলে৷ হাঁহি এটা মাৰি হাতেৰে ইংগিত কৰি ক’লে, 

”লি...টিল ইংলিছ! ফ’ল’ মি৷”-কৈয়ে তেওঁ দীঘল দীঘল খোঁজ দি আগবাঢ়িল৷ আমি প্ৰায় দৌৰিব লগা হ’ল তেওঁৰ সমানে সমানে আগবাঢ়িবলৈ৷ ভঙা ইংৰাজীতে তেওঁ যি পাৰে কথা ক’বলৈ লাগিল৷ আমি একোৱে বুজি নাপাই ’অ, অ’কে অ’কে’ তে সামৰি খোঁজ দিলো৷ কিছুদুৰ যোৱাৰ পিছত তেওঁ কেইটামান শব্দ আৰু অসংখ্য আকাৰে ইংগিতে আমাক কিবা দৰকাৰী কথা এটা বুজাবলৈ চেষ্টা কৰা যেন লাগিল৷ মই মাথোঁ দুটা শব্দ বুজিলো,

’ন’ মানি!’ 
পাহাৰলৈ উঠি যোৱা নিজান বাট এটা দেখুৱাই তেওঁ নিজলৈকে টোঁৱাই কিবা কিবি ঢেৰ কথা ক’লে৷ সকলো স্পেনিছত৷ মানুহজনে সেই বাটেৰে যাব খুঁজিছে? নে আমাক যাবলৈ কৈছে? টকাৰ কথা কিয় কৈছে?নিজৰ নাই বুলি কৈ আমাক খুঁজিছে নে আমি একো টকা দিব নালাগে বুলি কৈছে! একো বুজিব নোৱাৰি অৱশেষত আমি ঠিক কৰিলোঁ, যথেষ্ট দুৰ আহিলো৷ এওঁক এতিয়া বিদায় দিয়াই ভাল হ’ব- বাট দেখুৱাই দিয়া বুলি কৈয়ে হয়তো টকা খুঁজিছে ! আমি সন্মুখৰ ৰেষ্টু্ৰেন্ট এখনলৈ দেখুৱাই বুজালো,

”আমি আগেয়ে খাই লওঁ৷ অলপ লাহে ধীৰে যাম৷” 

তেওঁক ধন্যবাদ এটাৰে বিদায় দিলো৷ পাহাৰীয়া বাটটোৰে তেওঁ দীঘল দীধল খোঁজ পেলাই গ’লগৈ৷ এইবাৰ আমি নিজেই বিচাৰিলো৷ ট্যুৰিষ্ট ইনফৰমেশ্যন চেন্টাৰ এটা দেখি বীৰ আগবাঢ়ি গ’ল৷ সি এটাও চেন্টাৰ বাদ নিদিয়ে৷ য’তেই দেখে আগবাঢ়ি গৈ কথা পাতেগৈ, সুধিবলৈ তাৰ কিবা নহয় কিবা এটা থাকেই! এইবাৰো সুধি লৈ সি ক’লেহি, 

”দূৰ্গটো মন্টজুইক পাহাৰৰ ওপৰত৷ যাবলৈ ইয়াৰ পৰাই কেব’ল কাৰ আছে৷ বাছো যায়৷ খোঁজকাঢ়ি গ’লেও খুউব বেছি দহ-পোন্ধৰ মিনিট৷” 

কোনটো বাটেৰে বুলি সোধাত অফিচাৰগৰাকীয়ে যেতিয়া পাহাৰীয়া বাটটোলৈ আঙুলীয়াই দিলে, তেতিয়াহে বুজিলো বাটৰুৱাজনে ইমানকৈ কি বুজাব খুঁজিছিল৷ হয়তো তেওঁ ক’ব খুজিছিল, কেব’ল কাৰ বা বাছেৰে যোৱাতকৈ সেই বাটেৰে খোঁজকাঢ়ি গ’লে একো খৰচ নকৰাকৈয়ে আমি মন্টজুইক দূৰ্গ পামগৈ৷ বীৰে দুখেই কৰিলে, ভাল মানুহ এজনক মিছাতে সন্দেহ কৰিলোঁ বুলি! 

এটা সেউজীয়া নিৰিবিলি বাট পাহাৰৰ ওপৰলৈ! বেছিভাগ পৰ্য্যটকে কেবল কাৰ বা বাছত যোৱাৰ বাবেই কিজানি সিমান ভিৰো নাই৷ দহমিনিটমান পিছতেই পালোগৈ কাটালনীয়ান সকলৰ ইতিহাসৰ এটা অধ্যায় সাঁচি থোৱা এই সুউচ্চ মন্টজুইক দূৰ্গ৷ 

দূৰ্গৰ পৰা আক্ৰমণকাৰী সাগৰীয় জাহাজক বাধা দিয়াৰ ব্যৱস্থা 
এই দূৰ্গটো পূৰ্বৰ ১৬৪০ চনতে সজা এটা মধ্যযুগীয় দূৰ্গৰ আৰ্হিতে একে ঠাইতে পিছত নিৰ্মাণ কৰা হৈছিল৷ ত্ৰিছ বছৰীয়া ফৰাচী-স্পেনিছ যুদ্ধৰ পিছতেই কাটালনীয়াৰ ৰজা চতুৰ্থ ফিলিপৰ দুৰ্নীতিৰ বিৰুদ্ধে স্পেইনৰ কৃষক সকলে বিদ্ৰোহ (Reapers' War) আৰম্ভ কৰিছিল৷ এই বিদ্ৰোহ প্ৰতিহত কৰাটোৱে পূৰ্বৰ দূৰ্গটোৰ নিৰ্মাণৰ মূখ্য কাৰণ আছিল৷ 


দূৰ্গত থকা ঐতিহাসিক কাৰাগাৰৰ ১৬ নম্বৰ কোঠা
ইয়াৰ পিছৰ কেইবাবছৰটো দূৰ্গটোৰ পুনৰ নিৰ্মাণ হৈছে আৰু এই দুৰ্গই প্ৰতিটো দশকতে বিভিন্ন যুদ্ধৰ সাক্ষী হৈ ৰৈছে৷ ১৯৩৬-৩৯ -ৰ স্পেইনৰ গৃহযুদ্ধৰ বহুতো মৃত্যদণ্ডৰ নিৰ্মম ইতিহাস বন্দী হৈ আছে এই দূৰ্গৰ দেৱালবোৰত৷ ১৯৬০ চনলৈকে এই দূৰ্গ সামৰিক কাৰাগাৰ হিচাপে ব্যৱহাৰ হৈ আছিল৷ ১৭৫১ চনত পুৰণি দূৰ্গটো সম্পূৰ্ণকৈ ভাঙি তাৰ ঠাইত বৰ্তমানৰ মন্টজুইক দূৰ্গ নিৰ্মাণ হয়৷ অলিম্পিকৰ সময়ৰ পৰাহে দূৰ্গটো জনসাধাৰণৰ বাবে সম্পুৰ্ণকৈ মুকলি কৰি দিছে৷ 

মন্টজুইক দূৰ্গৰ পৰা এটা দিশে বাৰ্চিলোনাৰ সম্পূৰ্ণ মহানগৰৰ দৃশ্য, বিপৰীত দিশে সীমাহীন নীলা সাগৰ৷ আমি যোৱাৰ দিনা উজ্বল ৰ’দ৷ দূৰ্গৰ একেবাৰে ওপৰৰ মহলাৰ পৰা দুয়োদিশেই সাংঘাটিক সুন্দৰ দৃশ্য দেখা পোৱা যায়৷ 

মন্টজুইক দূৰ্গৰ পৰা সাগৰৰ দৃশ্য 
ৰ’দৰ উম লৈ লৈ ভাবি ৰ’লো, ইতিহাসৰ কিমান মুহুৰ্ত হয়তো সকলোৰে অদেখা অজানা হৈ ৰৈ গৈছে এই দূৰ্গৰ বুকুত! কিমানবাৰ সময়ৰ চকৰি ঘুৰি ঘুৰি একেবোৰ খেলাকে খেলিছে-জীৱন দিয়া আৰু লোৱাৰ ! এখন ঠাইৰ মাটিত শিপা গঁজা মানুহবোৰে যে কেনেকৈ সেই আপোন ঠাইৰ ৰক্ষাৰ বাবে জীৱন আহুতি দিয়েহি! 

অহাৰ দিনাৰে পৰা জানিছোঁ আৰু অনুভৱ কৰিছোঁ, এক সংগ্ৰামত সমগ্ৰ কাটালুনীয়া এতিয়াও উমি উমি জ্বলি আছে৷ কাটালানসকলে এতিয়াও যুঁজি আছে নিজৰ স্বাধীনতাৰ বাবে-স্পেইনৰ পৰা পৃথক হৈ সুকীয়াকৈ নিজা এখন দেশ প্ৰতিষ্ঠাৰ বাবে৷ বাৰ্চিলোনাক ৰাজধানী হিচাপে লৈ এখন সুকীয়া কাটালুনীয়া৷ কাৰণ, কাটালানসকলৰ ক্ষোভ- স্পেইনৰ আটাইতকৈ সমৃদ্ধ এই অঞ্চলৰ শোষণ হৈছে৷ সেই সমৃদ্ধিৰ বহুলাংশই এই ঠাইৰ উন্নতিৰ বাবে ব্যৱহাৰ হোৱা নাই৷ বাৰ্চিলোনাৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাৰ সময়ত সঁচাই অনুভৱ কৰিলোঁ, এই মহানগৰৰ নিজা সংস্কৃতি-কলা-কৃষ্টি-ইতিহাস আছে৷ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, এই ঠাইৰ নিজা এটা সুকীয়া সত্বা আছে৷ সেইবাবেই আমাৰ দৰে এই ঠাইৰ দুদিনীয়া আলহীয়েও কাটালানসকলৰ প্ৰতি হৃদয় খুলি আগবঢ়াব পাৰোঁ এমুঠি সহমৰ্মিতা৷ 

পৰৱৰ্ত্তী খণ্ডসমূহত



No comments:

Post a Comment