Sunday 19 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৩)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

লা-ৰাম্বলাত এটি সন্ধিয়াৰ চমক

এদিন আবেলি ওলালো, বাৰ্চিলোনাৰ বিখ্যাত ’লা-ৰাম্বালা’ নামৰ ঠাইখনলৈ৷ লা-ৰাম্বলা প্ৰকৃততে কেইবাটাও চমূ বাটৰ সমষ্টিহে৷ স্থানীয় লোক আৰু পৰ্য্যটকসকলৰ মাজত সমানে জনপ্ৰিয় এই বাট৷ বাটৰ দুয়োকাষে অলেখ অসংখ্য দোকান-পোহাৰ৷ বাৰ্চিলোনাৰ স্মৃতি হিচাপে লৈ যাব পৰা অসংখ্য সা-সামগ্ৰীৰে ভৰপুৰ দোকানবোৰ৷ আশে পাশে স্পেনিছ খাদ্যৰ সোৱাদ ল’বলৈ ৰেষ্টুৰেন্টৰ লানি৷ বহুতো ষ্ৰীট আৰ্টিষ্টৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চও এই লা-ৰাম্বলা৷ কোনোবাই বাদ্য-যন্ত্ৰ পাতি বজায়, কোনোৱে যাদু দেখুৱায়, কোনোৱে গান গায়, কোনোৱে বাটৰ কাষতে বহি ছবিকে আঁকে৷ সকলো মিলি লা-ৰাম্বলা বাৰ্চিলোনাৰ মহানগৰীয়া জীৱনৰ প্ৰাণকেন্দ্ৰ যেন৷ সেয়েই কিজানি স্পেনিছ কবি ফেডেৰিক’ গাৰ্চিয়া ল’ৰকা (Federico García Lorca) ই কৈছিল, ”পৃথিৱীৰ এইটোৱে একমাত্ৰ এটা বাট য’ত তেওঁ বিচাৰে যেন এই বাটৰ কেতিয়াও শেষ নহওক!” 


লা-ৰাম্বলাত চকলেটৰ বাহাৰ
লা-ৰাম্বলাৰ খাদ্যৰ বজাৰ
আমি তিনিও লাহে লাহে খোঁজ দি চাই গ’লো লা-ৰাম্বলাৰ জাক-জমকতা! ইমান ৰঙীণ-ইমান আলোকময়!  জীৱনটোৱে যেন এটা উৎসৱলৈ পৰিণত হৈ গৈছে ইয়াত৷ একো দুখ নাই-যন্ত্ৰণা নাই-কেৱল পোহৰ, কেৱল সুখ আৰু বিলাস! কিছুসময়ৰ বাবে হ’লেও এই মায়াবী পৃথিৱীখনৰ সুবাস ল’বলৈ পাই বেয়া নালাগিল৷ চ’ভেনিয়াৰৰ দোকানবোৰত আমি পিত-পিতাই ফুৰিলো এই দিনকেইটাৰ, এই মায়াবী ৰাগীৰ সোঁৱৰণিক জীপাল কৰিব পৰা বস্তু বিচাৰি৷ গম পালো, আমাৰ তিনিওৰে চ’ভেনিয়াৰৰ  প্ৰথা সম্পূৰ্ণ ভিন্ন৷ নতুন ঠাইলৈ গ’লে মই সাধাৰণতে সেই ঠাইৰ ফ্ৰিজ মেগনেট বা স্থানীয় লেখকৰ কিতাপ একোখন কিনো৷ ফ্ৰীজত এটা এটাকৈ গোটখোৱা মেগনেটবোৰ চালে সেই ঠাইবোৰৰ স্মৃতিবোৰ চাটকৈ আহি পৰে মনৰ দাপোণলৈ৷ বীৰৰ হেনো নতুন ঠাইৰ উল্লেখযোগ্য কিবা প্ৰিন্ট থকা টি-চাৰ্ট কিনাৰ চখ৷ প্ৰজ্ঞাই আকৌ শ্ব’-পিচ কিনি ভাল পায়৷ মনৰ সন্তুষ্টিৰে বিচৰা সকলোখিনিয়ে তিনিও পালো৷ 



দোকানৰ পৰা ওলাই বাটত আকৌ খোঁজ পেলাওঁতেই বীৰে হঠাত কৈ উঠিল,



”হেই, হেভ এ লুক! কি হে এইবোৰ!!”

সি আঙুলীয়াই দিয়াৰ ফালে চাই দেখিলো, এটা বিল্ডিঙৰ বেলকনিত এগৰাকী মহিলা৷ সাঁজ-পোছাক, চুলিৰ ষ্টাইল, প্ৰসাধন সকলো মিলি সাইলাখ মেৰিলিন মনৰো যেন! উৰি থকা শুধ বগা ফ্ৰকটো নচুৱাই নচুৱাই বাটৰুৱাক হাতবাউলি দি আছে,

”উ....হো, উ....হো”- বিজ্ঞাপনজাতীয় আহ্বান এটা যেন!

মানুহগৰাকীৰ পিছফালে ৰঙীণ লাইটেৰে জকমকাই থকা এটা নাম৷ লিখা আছিল, ’Museu de l'Erotica’ ৷ আচৰিত হ’লো খুবেই৷ মিউজিয়ামত ৰাখিব পৰাকৈ কি ইৰ’টিক সম্পদ থাকিব পাৰে! গৈ চোৱাৰ সাহস হোৱাটো দূৰৈৰ কথা, বেছি সময় সেইফালে পোনপটীয়াকৈ চাবলৈকে মোৰ অস্বস্তি লাগিল! 

”ইমান সংকোচ যে! আমাৰ তাতো চোন আছে খাজোৰাহো, কোনাৰক! এইবোৰো মিউজিয়ামেই দেচোন!”-প্ৰজ্ঞাই হাঁহি হাঁহি ক’লে৷ 

আমি কৌতুহলেৰে দুই-এবাৰ চায়ে নিজৰ বাট ল’লো৷ অলপপৰ আলোচনা হ’ল, মেৰিলিন মনৰোৰ এইটোৰ লগত সঁচাই কিবা যোগাযোগ আছেনে!  গুগুলক সুধিও উলিয়াব নোৱাৰিলো৷ ভাব হ’ল, লা-ৰাম্বলাৰ সকলো ৰূপ দেখা পালো-এতিয়া উভতাৰহে কথা! পিছে সেই ধাৰণা ভুল বুলি প্ৰতিপন্ন হ’বলৈ বেছি সময় নালাগিল৷

উভতি খোঁজ দিওঁ মানে নিশা আঠমান বাজিছে৷ আন্ধাৰ-পোহৰৰ খেলাৰ লগে লগে লা-ৰাম্বালাতো নিশাটো উপভোগৰ নিচাত মাতাল হ’বলৈ লৈছে৷ বাটৰুৱাৰ ভিৰৰ মাজতে এঠাইত এজন চিত্ৰকৰে আপোনমনে ছবি অঁকা চাই চাই মই ৰৈ গ’লো৷ সকলো হাই-উৰুমি আওকাণ কৰি চিত্ৰকৰজনে একাগ্ৰভাৱে আঁকি গৈছে মানুহৰ পৰ্টেইট কিছুমান ৷ 
সেই চিত্ৰকৰজন
”হেইইইই!”-হঠাত বীৰৰ চিৎকাৰ!

মই তাৰফালে পিঠি দি ছবিবোৰ চাই আছিলো৷ ঘুৰি চাই দেখোঁ, সি কাৰোৱাৰ হাতত থাপ মাৰি ধৰিছে৷ ত্ৰিছ-পইত্ৰিছ বয়সীয়া ক্ষীণকায় ল’ৰা এজন৷ মাথোঁ এপলকৰ বাবেহে দেখা পালোঁ৷ বীৰৰ পৰা লাহেকৈ হাত এৰুৱাই একোৱে নোহোৱাৰ দৰে ভাব দেখুৱাই টু শব্দ এটাও নকৰাকৈ ল’ৰাজন মানুহৰ মাজত হেৰাই গ’ল৷ উদ্বিগ্নতাৰে সুধিলো,

”কি হ’ল এইমাত্ৰ? মই একো ধৰিব নোৱাৰিলো!”

বীৰে তাৰ হাতৰ ৱালেটটো দেখুৱাই ক’লে,

”নিছিলেই এইটো! ছেকেণ্ডতে থাপ মাৰি ধৰিলো বুলিহে!”
-হতভম্ব হৈ গ’লো কিছু সময়ৰ বাবে৷ বন্ধুবৰ্গৰ মুখত ইমানকৈ শুনি আছিলো, ”বাৰ্চিলোনা বিশ্বৰ ভিতৰতে পকেটমাৰৰ ৰম্যভূমি (সিহঁতৰ ভাষাত mugging capital of the world)! আজি আমাৰো অভিজ্ঞতা হৈ গ’ল৷

বীৰক সুধিলো, কি ক’ত কেনেকৈ! বীৰে হাতৰ লিফলেট এখন দেখুৱাই ক’লে,

”এইখন দেখুৱাই মোক আভুঁৱা ভাৰিছিল! চাৰ্কাছ ৰয়েলিৰ বিজ্ঞাপন৷ তাত কি কি দেখুৱায় সেইবোৰৰ বৰ্ণনা দি দি এখন হাতেৰে মোৰ জিনছৰ বেক পকেটৰ পৰা ৱালেটটো উলিয়াই নিছিল!”

”সাংঘাটিক প্ৰফেশ্যনেল! ধৰা পৰিও টিঙৰ পৰাই নানমিল৷ কিমান সহজকৈ আঁতৰি গ’ল দেখিলিনে!”

”আমি চিঁঞৰি জপটিয়াই ধৰিব লাগিছিল জাননে৷ পুলিচত দি দিব পাৰিলোঁহেতেন!”-মই তেতিয়াও ঘটনাৰ আকস্মিকতাত স্তম্ভিত!

”নাই, পুলিচত দিলেও কিবা যে হ’ব আশা ক’ম বুজিছ৷ মোৰ লগৰ গেব্ৰিয়েলাই নিজৰ ঠাই মাদ্ৰিদতে এবছৰত সাতটা স্মাৰ্টফোন পকেটমাৰক দান দিছে হেনো! এবাৰ হাতেলোটে ধৰাৰ পিছতো পুলিচে একো নকৰিলে৷”-প্ৰজ্ঞাই ক’লে৷

এইবাৰ পিঠিৰ বেগ তিনিও সন্মুখলৈ আনি ল’লো৷ বীৰক ক’লো, কোনো কাৰণতে যাতে ৱালেট বেকপকেটত নভৰায় সি৷ অৱশ্যে ছেকেণ্ডৰ ভিতৰতে পকেটমাৰৰ হাতৰ পৰা ৱালেট উভতাই লোৱাৰ বাবে বীৰৰ বীৰত্বক প্ৰশংসা নকৰাকৈও নাথাকিলো৷
পৰৱৰ্ত্তী খণ্ডসমূহত

No comments:

Post a Comment