Tuesday 28 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৪)


গৰমকালি বাৰ্চিলোনাৰ সমুদ্ৰতীৰৰ আবেদন সুকীয়া৷
বাৰ্চিলোনাৰ সাগৰৰ পাৰত

এতিয়া শীতৰ সময়ত সাগৰৰ পানী হিমচেঁচা হৈ থাকিব বুলি জানিও এপাক মৰাৰ লোভ সামৰিব নোৱাৰিলো৷ এদিন পুৱাতে ওলালো-খোঁজেৰেই৷ কুকুৰ ফুৰাবলৈ বা জগিং কৰিবলৈ অহা কেইগৰাকীমান মানুহৰ বাহিৰে অন্য কাকো দেখা নাপালো৷ একোকাপকৈ হট চকলেট লৈ বালিতে বহিলোগৈ আমি৷ যিমানবাৰ দেখিলেও সাগৰ সদায়ে নিত্য-নতুন; প্ৰত্যেক সাগৰৰেতো ৰং-ৰূপ সকলো ভিন্ন৷ এইখন ভূমধ্য সাগৰ৷ ঢৌৰ গৰ্জন, গাল চৰাইৰ খেলা, সাগৰৰ সিপাৰে ডাৱৰ ফালি ওলাই অহা বেলিটোৰ ৰাঙলী মুখ- দিনটোৰ সুভাৰম্ভণি হ’বলৈ এয়াই যথেষ্ট আছিল৷

মোৰ প’জ দিয়াৰ চেষ্টা


পিকাছো ইন দ্য মেকিং

বাৰ্চিলোনালৈ অহা কোনো ব্যক্তিয়েই পিকাছোৰ সংগ্ৰহালয়ত ভৰি নিদিয়াকৈ এই ঠাই এৰি নাযায়৷ আমিও সেই আকৰ্ষণ এৰিব নোৱাৰিলো৷ স্পেইনৰ সুযোগ্য সন্তান বিশ্ববিখ্যাত চিত্ৰকৰ পাবলো পিকাছোৰ সৃষ্টিসমূহ লৈ সগৌৰৱে থিয় দি আছে মিউজিঅ’ পিকাছো (Museu Picasso)৷ পিকাছোৱে জীৱনৰ উৰ্বৰ সময় এখিনি বাৰ্চিলোনাত পাৰ কৰিছিল৷ তেওঁ নিজেই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁৰ ছবিৰ সংগ্ৰহালয়টো বাৰ্চিলোনাত হওক৷



সংগ্ৰহালয়ত ছাত্ৰ-ছাত্ৰীৰ টিকেট বিনামূলীয়া ৷ যথেষ্ট ডাঙৰ বাবে দৰ্শকে নিজৰ পছন্দ অনুসৰি কেৱল মূল সৃষ্টি (masterpiece) সমূহ চাব পৰাকৈ চমূ ট্যুৰ বা সকলো খুঁটি নাটি মাৰি চাবলৈ দীঘলীয়া ট্যুৰ ল’ব পাৰে৷ সেইমতে বিভিন্ন উল্লেখযোগ্য ছবিবোৰৰ বিষয়ে জানিবলৈ অ’ডিঅ’ গাইডো ল’ব পাৰি৷ আমি মাষ্টাৰপিচ কেইখনৰ কাৰণে এটা ল’লো৷

মন কৰিলোঁ, পিকাছোৰ সৰুকালৰ পৰা শেষবয়সলৈকে বিভিন্ন সময়ত অঁকা ছবিবোৰ ক্ৰমান্বয়ে বেলেগ বেলেগ কোঠাত সজাই ৰাখিছে৷ প্ৰথম মাষ্টাৰপিচখন ’ দ্য ফাৰ্ষ্ট কমিউনিয়ন’- ছবিখনৰ কাষতে থকা বৰ্ডত দিয়া মতে মাইক্ৰফোনৰ নম্বৰ টিপিলো৷ ইংৰাজীতে এটা গহীন মাতে আমাক কৈ গ’ল,
পিকাছোৰ ’ফাৰ্ষ্ট কমিউনিয়ন’
”এইখন অঁকাৰ সময়ত পিকাছোৰ বয়স আছিল মাথোঁ পোন্ধৰ বছৰ৷ দেউতাকৰ উৎসাহতে পিকাছোৱে ১৮৯৬ চনত বাৰ্চিলোনাত ফাইন আৰ্টছৰ প্ৰদৰ্শনীৰ বাবে এই ছবিখন আঁকিছিল৷ ছবিখনে সেইসময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ বহুতে কয়, ছবিখনৰ কেথ’লিক ছোৱালীজনী পিকাছোৰ বায়েক ল’লা.......৷” ছবিখনৰ আঁৰৰ কাহিনীবোৰ সহজ-সৰলকৈ কৈ গ’ল গহীন মাতটোৱে৷ সেইবয়সতে অঁকা অন্য এখন মাষ্টাৰপিচ ”চায়েন্স এণ্ড চেৰিটি”ৰ আঁৰতো পিকাছোৰ দেউতাকৰ উৎসাহ-উদ্দীপনাই মূল হেনো৷ প্ৰথমখন ছবিৰ সফলতাৰ পিছতেই দেউতাকে কিশোৰ পিকাছোৰ বাবে বাৰ্চিলোনাত এটা গাইগুটীয়া ষ্টুডিঅ’ ভাৰালৈ লৈ দিয়ে-সেইটোৱে পিকাছোৰ জীৱনৰ প্ৰথম ষ্টুডিঅ’৷ ইয়াতেই পিকাছোৱে ’চায়েন্স এণ্ড চেৰিটি’ আঁকে৷ ছবিখনৰ বিভিন্ন দিশসমূহ অ’ডিঅ’ গাইডে আঙুলীয়াই দিয়াৰ বাবেই নেকি আমিও সুক্ষ্মকৈ চাবলৈ বাধ্য হ’লো৷ সেইসময়ৰ চিকিৎসাবিজ্ঞানৰ গুৰুত্বও ছবিখনত দেখা যায়৷
পিকাছোৰ অন্য এখন মাষ্টাৰপিচ, ’চায়েন্স এণ্ড ছ’ছাইটি’
কিছুপৰ থৰ লাগি চোৱাৰ পিছত প্ৰজ্ঞাই ক’লে,
”মন কৰিছনে? ছবিখনত অলপ ভুল আছে! জ্যামিতিৰ!”
মই বোলো, পিকাছোৰ ছবিৰ ভুল উলিয়ালেনে এই৷ মোৰ মুখত ব্যংগ দেখি তাই ক’লে,
”ভালকৈ চাচোন৷ ৰুমটোৰ দুইখন বেৰ কেনেকৈ ইখনে সিখনৰ লগত লগ লাগিছে-বাকী সকলো নোহোৱা কৰি লৈ কেৱল বেৰদুখন চাচোন৷ অকণমান বেকাঁ হৈ থকা নাইনে?”

চালো-ঠিকেই৷ বেৰদুখন লগ হোৱা কোণটো যেন সমকোণতকৈ ডাঙৰ!

”ল’জিকেলীও, ৰুমটোৰ বাকী সকলোবোৰ চালে দৰিদ্ৰ মানুহৰ ঘৰ যেন নালাগেনে? তাত এই বিলাসী শ্ব’-পিচটো খাপ খাইছে জানো!”

মই তাইক বাহ বাহ নিদি নোৱাৰিলো৷ তেতিয়াহে মন কৰিলো, আমি কিজানি বহুপৰ ছবিখনৰ সন্মুখতে থিয় দি আছোঁ৷ আশে পাশে অন্য পৰ্য্যটককেইজনমান ৰৈ থকা দেখিহে সম্ভিত আহিল, সাংঘাটিক কলা বিশেষজ্ঞৰ দৰে কিমানপৰ যে ছবিখন সমালোচনা কৰি আছোঁ! তৎক্ষণাত তাৰ পৰা আঁতৰিলো৷

ইটো কোঠাৰ পৰা সিটোলৈ আমি পিকাছোৰ শৈশৱৰ পৰা বিশ্ববিখ্যাত খ্যাতি লাভলৈকে ছবিবোৰ চাই গ’লো৷ চাই চাই বহুদিনীয়া ভুল ধাৰণা এটা ভাঙিল৷ যিমান প্ৰতিভাধৰ হ’লেও নিৰলস চেষ্টা আৰু সাধনা অবিহনে কোনো সফল হ’ব যে নোৱাৰে সেয়া যেন আকৌ এবাৰ উপলব্ধি কৰিলোঁ৷ আইনষ্টাইনে কোৱা কথাষাৰ মনত পৰিল, ”জিনিয়াছসকলৰ মাথোঁ ১% জন্মগত প্ৰতিভা, বাকী ৯৯% কঠোৰ পৰিশ্ৰম৷” জীৱনৰ প্ৰতিটো খোঁজতে পিকাছোৱে কঠোৰ পৰিশ্ৰম কৰিছে, নানা সমকালীন চিত্ৰকৰৰ সান্নিধ্যলৈ আহি নতুন ধ্যান-ধাৰণাৰে নিজৰ প্ৰতিভাৰ বিকাশ কৰিছে৷ বিভিন্ন ধৰণৰ কৌশল লৈ পৰীক্ষা-নিৰীক্ষা কৰিছে৷ কেইবাটাও কোঠাত দেখা পালো, কেইবাখনো অমৰ সৃষ্টিৰ কাম প্ৰকৃততে আৰম্ভ কৰাৰ আগতে পিকাছোৱে নিজৰ বহীত আকঁ-বাঁক কৰি পৰীক্ষা কৰি চাইছে, বাৰে বাৰে সলাইছে, পুনৰ আঁকিছে৷

বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী চিত্ৰকৰ সকলৰ এজন এই পিকাছোৱে জীৱনৰ প্ৰতিখোঁজতে নিজকে কেনেকৈ গঢ় দিছিল তাৰ যেন এটা চাক্ষুস অভিজ্ঞতা হ’ল! বাৰ্চিলোনাৰ সকলোবোৰ অভিজ্ঞতাৰ ভিতৰতে পিকাছো সংগ্ৰহালয়লৈ যোৱাৰ অভিজ্ঞতা মোৰ বাবে সকলোতকৈ স্মৰণীয় হৈ ৰ’ল৷ সঁচা অৰ্থতে ’পিকাছো ইন দ্য মেকিং’ অভিজ্ঞতা!

গউডিৰ অপূৰ্ব শিল্প
স্পেইনৰ অন্য এগৰাকী সুযোগ্য সন্তান বিশ্ববিখ্যাত স্থপত্যবিদ এন্ট’নি গউ’ডি৷ বাৰ্চিলোনাৰ চুকে-কোণে সিঁচৰিত হৈ আছে তেওঁৰ অপূৰ্ব সৃষ্টিবোৰ৷ বাছেৰে ইফালে সিফালে অলপ ঘুৰা-ফিৰা কৰিলেই বহু ঠাইত চকু পৰিব, ঘাইপথৰ ট্ৰেফিক, দোকান-বজাৰ সকলোৰে মাজতে জুমে জুমে মানুহ ৰৈ থৰ হৈ আছে অসাধাৰণভাৱে সুন্দৰ গউডিৰ কীৰ্তিচিহ্ন এটালৈ! আমি সীমিত সময়লৈ চাই প্ৰথমে গউডিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি (magnum opus) বুলি গণ্য কৰা চাগ্ৰাডা ফেমিলিয়া (Sagrada Família) নামৰ ৰোমান কেথ’লিক গীৰ্জা এটাকে চাবলৈ ওলালো৷ মেট্ৰ’ৰে গ’লে ষ্টেচনৰ পৰা ওলায়ে এই গীৰ্জাটো চকুত পৰে৷ যোৱাৰ পূৰ্বে ফটো দেখিছিলো, এইসম্পৰ্কে বিভিন্ন কিংবদন্তিবোৰ শুনিছিলো৷ কিন্তু মেট্ৰ’ ষ্টেচনৰ খটখটীৰে ওপৰলৈ উঠি আহি প্ৰথমবাৰৰ বাবে যেতিয়া চাগ্ৰাডা ফেমিলিয়াত চকু পৰিল, আশ্চৰ্য্যত মুখৰ মাত হেৰাই গ’লো মোৰ! কাৰ কল্পনাই এনে এটা বিশাল অপুৰ্ব কাৰুকাৰ্য্যখচিত গীৰ্জাঘৰৰ ছবি আঁকিব পাৰে আৰু সেই কল্পনাক বাস্তৱ ৰূপ দিব পাৰে, ভাবি সঁচাই আশ্চৰ্য্যান্বিত হ’লো!
চাগ্ৰাডা ফেমিলিয়াৰ একাংশ

এনিমেশ্যনৰ জগততহে খাপ খোৱা এটা অতি প্ৰকাণ্ড গীৰ্জা৷ সহজ-সৰল ভাষাত ক’বলৈ গ’লে, ’out of the world!' আশে-পাশে থকা আধুনিক অট্টালিকাবোৰৰ মাজত এই চাগ্ৰাডা ফেমিলিয়া যেন কোনোমতেই খাপ নাখায়৷ গীৰ্জাটো মূলপথৰ কাষতে৷ পথৰ দুয়োকাষে অসংখ্য মানুহৰ ভিৰ৷ আমিও মনুহৰ জুমত মিলি গ’লো৷ সকলোৱে থৰ হৈ চাই ৰৈছে চাগ্ৰাডা ফেমিলিয়ালৈ৷ বৃহৎ চীনা দল এটাৰ গাইডজনে অবিৰাম মেণ্ডেৰিনত কৈ গৈছে চাগ্ৰাডা ফেমিলিয়াৰ মহত্বৰ কথা, দলৰ প্ৰত্যেকৰে কাণত একোটাকৈ ৱায়াৰলেছ হেডফোন৷ একান্তমনে তেওঁৰ কথা শুনি আশ্চৰ্য্যৰ দৃষ্টিৰে চাই ৰৈছে৷ গ’থিক স্থাপত্যৰ আটাইতকৈ প্ৰশংসৃত কীৰ্তিস্তম্ভ এই চাগ্ৰাডা ফেমিলিয়া৷ কলা সমালোচকৰ মতে আৰ্টৰ ইতিহাসতে এনে এটা গীৰ্জাঘৰৰ কোনো চানেকি নাই৷ গউডিৰ সময়ত এক নতুন কলাৰ উন্মেষ ঘটিছিল, যাক কোৱা হয় নোভ’ বুলি৷ এই কলাই প্ৰকৃতিৰ বিভিন্ন অংগৰ আকাৰ আৰু আকৃতিৰ পৰা অনুপ্ৰেৰণা লৈছিল ৷ সেইবাবেই গউডিৰ প্ৰায়বোৰ স্থাপত্যশিল্পতে প্ৰকৃতিৰ বিভিন্ন অংশই স্থান পাইছিল৷

চাগ্ৰাডা ফেমিলিয়াৰ তলৰ পৰা ওপৰলৈ সকলোতে সুক্ষ্ম গথিক কাৰুকাৰ্য্য৷ মানুহৰ সৃষ্টি বুলিবলৈকে টান হয় যেন৷ গউডিয়ে সম্পূৰ্ণ ডিজাইন কৰিছিল যদিও তেওঁৰ মৃত্যুপৰ্য্যন্ত চাগ্ৰাডা ফেমিলিয়াৰ এক চতুৰ্থাংশ কামো সম্পূৰ্ণ নহ’লগৈ৷ অতি ব্যয়বহুল আৰু ব্যক্তিগত দান-বৰঙণিৰ ওপৰত মূলত: নিৰ্ভৰশীল হোৱাৰ বাবেও ইয়াৰ কাম বৰ লেহেমগতিৰে আগবাছিল বুলি কোৱা হয়৷ স্পেইনৰ গৃহযুদ্ধয়ো নিৰ্মাণৰ কাম ব্যাহত কৰিছিল৷ পৰৱৰ্ত্তী কালত এই অত্যন্ত লেহেম নিৰ্মাণৰ সম্পৰ্কত প্ৰশ্ন কৰোঁতে গউডিয়ে হেনো কৈছিল, "My client is not in a hurry" ৷ গম পালো, ১৮৯২ চনৰ পৰা আজি এটা শতিকাৰো ওপৰ হৈ গ’ল এই গীৰ্জাৰ নিৰ্মাণকাৰ্য্য চলি আছে৷ ২০৩০ চনতহে গীৰ্জাটো সম্পূৰ্ণ হোৱাৰ কথা৷ ইতিমধ্যেই গীৰ্জাটোৱে ইউনেস্ক’ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বৃকীতি পাইছে৷ 

ওচৰতে থকা অন্য এটা কীৰ্তিস্তম্ভ কাছা বেটলো (Casa Batlló)-লৈকো খোঁজেৰেই গ’লো৷ ১৯০৪ চনত এটা প্ৰাচীন অট্টালিকাৰ ১৯০৪ চনত পূনৰনিৰ্মাণ কৰি গউডিয়ে সৃষ্টি কৰিছিল কাছা বেটলোৰ ৷ এই অট্টালিকাত গউডিৰ কল্পনাৰ সৰ্বশ্ৰষ্ঠ উত্তৰণ ঘটিছে বুলি কোৱা হয়৷ কাছা বেটলো নামৰ ইংৰাজীত অৰ্থ হ’ল- house of bone, হাড়ৰ ঘৰ৷ সেইসময়ত বিখ্যাত হৈ পৰা কাটালান কলা নোভ’ওৰ অবিচ্ছেদ্য অংগ চেৰামিক, শিল আৰু লোহাৰে এই অট্টালিকা নিৰ্মাণ কৰা হৈছিল৷ এই অট্টালিকাটোত কোনো কোণ বা পোণ বেৰ নাই, সকলোবোৰ অনিয়মিত আকৃতিৰ৷ ঘৰটোৰ ছালখন দেখাত মাছৰ বাকলিৰ দৰে৷ তিনিওটা ফ্ল’ৰ’ৰ বেলকনিবোৰ কিহবাৰ চকু যেন লাগে৷ চাগ্ৰাডা ফেমিলিয়াৰ দৰে বৃহদাকাৰ নহ’লেও কাছা বেটলোৰ স্থাপত্য কলা কোনোগুণে কম নহয়৷
কাছা বেটলো বাহিৰৰ পৰা

গউডিৰ অন্য এক সৃষ্টি পাৰ্ক গোৱেল (Parc Güell) লৈও যোৱাৰ মন আছিল আমাৰ৷ বাৰ্চিলোনা মহানগৰৰ উত্তৰে কাৰমেল পাহাৰৰ টিঙত আছে৷ বাছেৰে যাওঁতে আধাঘন্টাতকৈ বেছি সময় লাগিল৷ আমাৰ পৰিকল্পনা আছিল তাৰপৰা সূৰ্য্যস্ত উপভোগ কৰাৰ৷ এটা বিশাল এলেকা- উদ্যানৰ লগতে তাত গউডিয়ে নানা শৈলীৰ ঘৰ কিছুমান নিৰ্মাণ কৰিছিল৷ গউডিৰ প্ৰতিটো সৃস্টিৰ সন্মুখত থিয় দি হোৱা একেটা ভাবেই এই উদ্যানতো মনলৈ আহিল-out of this world! কোনো প্ৰচলিত ধাৰা অনুকৰণ নকৰি কল্পনাৰ প্ৰাচুৰ্য্যৰে সজা এনে ঠাইত সপোণৰ পৃথিৱী এখনত সোমাই পৰা যেন লাগে৷ উদ্যানখনৰ পাহাৰীয়া অকোঁৱা-পকোঁৱা বাটেৰে আটাইতকৈ ওখ ঠাইটুকুৰালৈ গ’লো৷ যাওঁতে দেখি গ’লো, গউডিয়ে সঁজা চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ৷ প্ৰায়বিলাকৰ বেৰবোৰ অনিয়মিত আকৃতিৰ চেৰামিক প্লেটেৰে সঁজা৷ সকলোতেই প্ৰকৃতিৰ বিভিন্ন অংশৰ প্ৰভাৱ বিদ্যমান৷
চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ
ওপৰৰ পৰা সমগ্ৰ বাৰ্চিলোনা চহৰৰ পেনেৰ’মিক দৃশ্য দেখিবলৈ পোৱা যায়৷ আমি গৈ পাওঁগৈ মানে পশ্চিমৰ আকাশ ৰাঙলী৷
পাৰ্ক গোৱেলৰ পৰা বাৰ্চিলোনা মহানগৰীৰ সিপাৰে সূৰ্য্যাস্ত চাই
তাতে বহি লৈ হেঁপাহ পলুৱাই সেই সূৰ্য্যাস্ত উপভোগ কৰিলো৷ বহি থকাৰ পৰত বীৰে এজন মানুহক দেখুৱাই ক’লে,

”সেই মানুহজন দেখিছনে? গীটাৰ বজাই আছে যে৷ সেই একেজন মানুহ একেডোখৰ ঠাইতে যোৱাবছৰ ইয়ালৈ আহোঁতে দেখিছিলো৷ একেই আছে-একোৱে সলনি হোৱা নাই৷”

শুনি মনটো কেনেবা লাগি গ’ল৷ বছৰৰ পিছত বছৰ ধৰি প্ৰতিদিনে তেওঁ পৰ্য্যটকৰ বাবে গীটাৰ বজাই আহিছে! ভাগ্যৰ একো পট পৰিৱৰ্তনে তেওঁৰ জীৱনক সঁচাই কি স্পৰ্শ কৰিব পৰা নাই! পিছমূহুৰ্ততে ভাব হ’ল, হয়তো এইটোৱে একমাত্ৰ কাম যিটো কৰি তেওঁ অনাবিল আনন্দ পায়, সন্তুষ্টি পায়৷ কোনে জানে- হয়তো ইচ্ছা কৰিয়ে তেওঁ এয়া কৰি আহিছে৷ গউডিৰ দৰেইতো তেওঁ হ’ব পাৰে অন্য এক শিল্পী৷ 

জীৱনৰ শেষৰ সময়ছোৱাত গউডিও সৰ্বশ্ৰেষ্ঠ কীৰ্তি চাগ্ৰাডা ফেমিলিয়াৰ নিৰ্মাণত এনেকৈ মজি গৈছিল যে দিনে দিনে তেওঁ সমাজৰ পৰা বিছিন্ন হৈ পৰিছিল৷ এখন বাছে বাৰ্চিলোনাৰ পথত মহতিয়াই থৈ গৈছিল তেওঁক৷ সৰ্বশ্ৰান্ত যেন লগা সেই বাটৰুৱাক কোনেও লগে লগে হস্পিতেল পোওঁৱাগৈ নাছিল৷ পলমকৈ চিকিৎসা আৰম্ভ হোৱাৰ বাবেই সেই ঘটনাৰ কেইসপ্তাহৰ পিছত গউডি হেৰাই গৈছিল অসীমত৷ মৃত্যুৰ বহুদিন পিছলৈকে গউডিৰ সৃষ্টিসমূহে স্বীকৃতি পোৱা নাছিল৷ প্ৰায়বোৰ সমসাময়িক কলা সমালোচকে গউডিৰ প্ৰায়বোৰ শিল্পকে অতি কাল্পনিক আৰু অনিয়মিত আকৃতিৰ বাবে সমালোচনা কৰিছিল৷ আনকি গৃহযুদ্ধৰ সময়ত তেওঁৰ চাগ্ৰাডা ফেমিলিয়াৰ কৰ্মশালা লণ্ডভণ্ড কৰি থৈ গৈছিল, বহুতো দৰকাৰী কাগজ-পত্ৰ, ডিজাইন, আৰ্হি আদি ধ্বংস কৰি থৈ গৈছিল৷ ১৯৫০-ৰ দশকৰ পিছত অন্য এগৰাকী বিশ্ববিখ্যাত স্থপত্যবিদ চালভাদৰ দালিয়েহে তেওঁৰ সৃষ্টিসমূহক স্বীকৃতি দিয়ে আৰু বিশ্বৰ দৰবাৰত পুনৰবাৰ যথাযোগ্য স্থান দিবলৈ সক্ষম হয়৷ তাৰপিছৰ পৰাহে কাটালানসকলে তেওঁৰ কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিবলৈ লয়৷ মৃত্যুৰ প্ৰায় পঞ্চাছ বছৰৰ পিছত গউডিৰ সৃষ্টিসমূহে প্ৰকৃতাৰ্থত বিশ্বজুৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হয়৷ 

ভাব হ’ল, এইবাবেইতো শিল্পীসকল সময়তকৈ আগবঢ়া৷ জীৱনকালত সামাজিক স্বীকৃতি বা স্বচ্ছলতাই জীয়াই থকাৰ সংগ্ৰাম কিছু সহজ কৰি নিদিলে বুলিয়েইতো শিল্পীয়ে নিজৰ চিনাকি এৰি নেপেলায়৷  সকলো কঠোৰ পৰিস্থিতি আওকাণ কৰি তেওঁলোকে প্ৰচলিত চিন্তাধাৰা আৰু সামাজিক প্ৰমূল্যৰ পৰিধি ভাঙি সমাজক সদায়ে এখোঁজ আগবঢ়াই নিয়ে৷ সেইবাবেইটো শিল্পীয়ে জীৱনকালৰ সীমিত সময় ভাঙি অমৰত্ব লাভ কৰিবলৈ সক্ষম হয়৷ সময়ে ধোৱাই নিব নোৱাৰে তেওঁলোকৰ অস্তিত্ব আৰু প্ৰভাৱক৷ তেওঁলোকক দিক-দৰ্শক কৰিয়েই সমাজ আগবাঢ়ে এখোঁজ-দুখোঁজকৈ পৰিৱৰ্তনৰ বাটেৰে৷

কলাৰ নগৰী বাৰ্চিলোনাই এই সত্যকে মোৰ হৃদয়ত নতুনকৈ প্ৰতিষ্ঠা কৰি গ’ল যেন!

পৰৱৰ্ত্তী খণ্ডসমূহত

No comments:

Post a Comment