Saturday 25 March 2017

এজাক ৰ’দৰ সন্ধানত (৫): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন


বাৰ্চিলোনাৰ পৰা প’ৰ্ট’লৈ দুঘন্টাৰ ফ্লাইট৷ পুৱাতে ফ্লাইট আছিল৷ যোৱাৰ আগনিশা৷ আমি তিনিও বাৰ্চিলোনাৰ এপাৰ্টমেন্টত বস্তু সামৰা আৰু পিছদিনাৰ যাত্ৰাৰ যা-যোগাৰত ব্যস্ত৷ মই প’ৰ্ট’ত বুক কৰি থোৱা এপাৰ্টমেন্টৰ গৰাকীলৈ মেইল কৰিবলৈ বহিলো৷ এপাৰ্টমেন্টটো পৰ্ট’ৰ চিটি চেন্টাৰতে আছে৷ গৰাকীক জনালো যে আমি পিছদিনা পুৱাতে পামগৈ৷ তেনেকুৱাতে বীৰে আহি মাত দিলেহি,



”এপাৰ্টমেন্টৰ ঠিকনাটো আকৌ এবাৰ গুগুল মেপত চাই লওঁ দেচোন৷”



লেপটপটো আগবঢ়াই দিলো৷

সি ঠিকনাটো দি ষ্ট্ৰীট ভিউ উলিয়ালে৷ ক’লো,

”কাইলৈ গৈ এনেও দেখিমেই৷ এতিয়া ঠিকনাটো এবাৰ ভালকৈ চাই লৈ বস্তু সামৰাৰ কামত লাগচোন৷”

বীৰে এবাৰ মোৰ ফালে চাই ক’লে,

”নাই নাই, মই মাথোঁ আশে-পাশে ঠাইখন যাতে খেলিমেলি ধৰণৰ নহয় থাকে চাই ল’ব খুজিছোঁ৷!”

মোৰ খোঁকোজা লাগি গ’ল৷ কি কয় সি! মোৰ মুখৰ বিব্ৰত দৃষ্টি দেখি সি ক’লে,

”তই এতিয়াও গম নাপাৱ!”

শোৱাকোঠাৰ পৰা প্ৰজ্ঞা ওলাই আহিল৷ হয়তো আমাৰ কথা-বতৰা শুনিয়ে৷ আহি তাই মোৰ সন্মুখৰ চকীখন টানি বহি ল’লে,

”আচলতে এইটো কথা কোৱাই হোৱা নাছিল তোক৷ অহাৰ দুদিনমান আগতে মোৰ পৰ্টুগীজ বন্ধু ৰুইৰ লগত কথা পাতিছিলো৷ তেতিয়াহে গম পালো, আমি প’ৰ্ট’ত বুক কৰা এপাৰ্টমেন্টটো থকা ঠাইখন হেনো পাঁচবছৰমান আগলৈকে ৰেড লাইট এৰিয়া আছিল!”

মই কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো যেন৷ মোৰ কি প্ৰতিক্ৰিয়া হ’ব যেন ঠিৰাং কৰিবই নোৱাৰিলো৷ এতিয়াও তেনে ঠাই হৈ থকা হ’লে দস্তুৰমত আপত্তি কৰিলোঁহেতেন৷ কিন্তু সেয়া যদি সঁচাই অতীত তেনে সংকোচৰ থল নেদেখিলো৷ যি হ’ব দেখা যাব বুলিয়ে ধৰি ল’লো৷ 

পৰ্ট’ এয়াৰপৰ্টৰ পৰা আমি থাকিবলগীয়া ঠাইখনলৈ প্ৰায় চল্লিশমিনিটমানৰ মেট্ৰ’ৰ যাত্ৰা৷ এটা ৰ’দোজ্জল দিন৷ মেট্ৰ’ মাটিৰ তলৰ সুৰংগৰে নগৈ বেছিভাগ দুৰত্ব ওপৰেৰে গ’ল বাবে দু্য়োকাষৰ ঠাইখন চাই যাবলৈ সুবিধা হ’ল৷ বাটৰ দুয়োকাষেৰে পাৰ হৈ গ’ল শাৰী শাৰী পৰম্পৰাগত ৰঙা টাইলেৰে সজোৱা ঘৰবোৰ ৷ বাৰ্চিলোনাৰ দৰে পৰ্য্যটকৰ ভিৰ চকুত নপৰিল৷ মেট্ৰ’ৰ বাহিৰে-ভিতৰে সুগঢ়ী পৰ্টুগীজসকলেই গিজগিজাই আছিল৷ অৱশেষত নামিলোগৈ ট্ৰিনিডাড নামৰ মেট্ৰ’ ষ্টেচনটোত৷ নামিয়েই প্ৰজ্ঞাই ক’লে,

”পৰ্ট’ আমাৰ ভাল লাগিব, এইকণ বাট আহিয়ে গম পাই গ’লো!”

মই সন্মত নোহোৱাকৈ নোৱাৰিলো৷ প্ৰথম দেখাতেই ভাল লাগি যোৱা সৰু আটোমটোকাৰী এখন চহৰ! এপাৰ্টমেন্টৰ এজেন্ট গৰাকীয়ে মেট্ৰ’ষ্টেচনৰ পৰা এপাৰ্টমেন্ট উলিয়াবলৈ সকলো পথ নিৰ্দেশনা সুন্দৰকৈ মেইলকত দি থৈছিল৷ গতিকে অকণো অসুবিধা নোহোৱাকৈ খোঁজেৰেই গৈ ওলালোগৈ৷ ঘৰতকৈ বেছিকৈ আমাৰ মনত দোলা দি আছিল এই এলেকাৰ শুনি অহা ইতিহাসে৷ পিছে এলেকাটোৰ চাৰিওকাষে চকু ফুৰাই একো আপত্তিজনক নেদেখিলো! বৰং আচৰিতহে হ’লো, চিটি চেন্টাৰৰ ইমান কাষতে ৰেড লাইট এৰিয়া কেনেকৈ চলি আছিল সেয়া ভাবি৷ 

ঘৰটোৰ নাম-”অ’ পৰ্ট’ নাও”৷ মূল পথৰ লগতে লাগি থকা তিনি মহলাৰ এটা ঘৰ৷ এজেন্টজনে আমালৈকে বাট চাই আছিল৷ একেবাৰে ওপৰৰ মহলালৈ লৈ গৈ ক’লে, 

’দ্য এনটায়াৰ ফ্ল’ৰ ইজ ইয়ৰছ!’

সোমায়েই মন জুৰাই গ’ল৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধা থকা আটোমটোকাৰি এটা এপাৰ্টমেন্ট৷ এজেন্ট গৰাকীয়ে নেদেখাকৈ আমি তিনিও ইটোৱে সিটোৰ সৈতে দৃষ্টি বিনিময় কৰিলোঁ৷ চকুৰ ভাব,

”ইমান কম দামতে এনে সুবিধাজনক ধুনীয়া এপাৰ্টমেন্ট!”

অ’ পৰ্ট’ নাউৰ একাংশ
আমাক সকলো চমজাই, দৰকাৰী কথাখিনি বুজাই এজেন্টজন গ’লগৈ৷ তেওঁ যোৱাৰ পিছত ধুৰি পকি এপাৰ্টমেন্টটো চালো৷ শোৱাকোঠা আৰু পাকঘৰ দুয়োটাতে আহল-বহল বেলকনি৷ দুয়োটা দিশতে বেলকনিৰ পৰা সন্মুখৰ মূল পথ দেখা পোৱা যায়৷ মোৰ উজ্বলি উঠা মুখখন দেখিয়ে হ’বলা প্ৰজ্ঞাই জোকাবলৈকে মাত দিলে,

”এটা সময়ত চাগৈ কিমান ব্যস্ত আছিল এই এপাৰ্টমেন্ট! এইটোৱে কিমান ৰঙীণ সময়ৰ সাক্ষী হৈ ৰৈছে কোনে জানে, নহয়?”

হাঁহি উঠি গ’ল আমাৰ৷ বীৰে যোগ দিলে,

” ইমানকৈ বেলকনি কিয় বুজিছই নহয়?”

মই বোলো,

”ঠিকেই, মেৰিলিন মনৰোৰ ”উ-হো” মুহূৰ্ত্তবোৰৰ কাৰণেই নহয়?”

(এই ’উ-হো’ মুহূৰ্ত্তৰ কথা মনত নপৰিলে পূৰ্বৰ বাৰ্চিলোনাৰ খণ্ডত চকু ফৰাই চাওক-লা ৰাম্বালাত এটি সন্ধিয়াৰ চমক)

তিনিও হো-হোৱাই হাঁহি উঠিলো৷ এই কথাটোৱে ঘুৰি পকি আহি আহি অ’পৰ্ট’ত থকা গোটেই সময়খিনি আমাৰ আড্ডা ৰসাল কৰি দিলেহি৷

ট্ৰিপেৰ’ৰ দেশত প্ৰথম দিন :

পৰ্ট’ত প্ৰথম দিনাই স্থানীয় খাদ্যৰ জুতি লোৱাৰ ইচ্ছা হ’ল৷ এপাৰ্টমেন্টৰ এজেন্ট গৰাকীকে বীৰে সুধিলে ওচৰত এনে খাদ্য পোৱা ৰেষ্টোৰাঁৰ ঠিকনা৷ তেওঁৰ পৰামৰ্শ মতে আমি ওলাই গ’লো৷ 'Restaurante Abadia do Porto'

এখন সৰু ৰেষ্টোৰাঁ প্ৰায় সকলোবোৰ অভ্যগতই পৰ্টুগীজ লোক৷ বুজিলো, স্থানীয় লোকসকলৰ মাজত জনপ্ৰিয় এই ৰেষ্টোৰাঁ৷ বয়সস্থ ৱেইটাৰ এগৰাকীয়ে আথেবেথে আমাক এচুকত বহিবলৈ দিলে৷ 

খাদ্যৰ মেন্যুখন হাতত লৈ আমি ইটোৱে সিটোৰ মুখলৈ চোৱাচোৱিহে কৰিবলৈ বাধ্য হ’লো৷ খাদ্যৰ তালিকাৰ এটা নামো পৰিচিত নহয়৷ পৰ্টুগীজ খাদ্যৰ বিষয়ে আমাৰ তৰাং জ্ঞানৰ বুজ পায়ে হবলা ৱেইটাৰ গৰাকী আগবাঢ়ি আহিল৷ মানুহজন তেজগোৰাঁ মুখ-জোঙা নাকেৰে প্ৰথম দেখাতে পৰ্টুগীজ বুলি ধৰিব পাৰি৷ সুন্দৰ ইংৰাজীৰে তেওঁ ক’লে,

”মই কিবা সহায় কৰিব পাৰোঁনে?”

”আমি স্থানীয় পৰ্টুগীজ খাদ্য খাব খুজিছোঁ৷ কোনবিধ ভাল হ’ব বাৰু?”-মই মাত দিলো৷

মিঠা হাঁহি এটাৰে মেন্যুখন মোৰ হাতৰ পৰা লৈ তেওঁ ক’লে,

”আমিষ নে নিৰামিষ খোৱাৰ ইচ্ছা?”

”আমিষ”

”তেনে মোৰ পৰামৰ্শ হ’ব তুমি ’ট্ৰাইপ’ৰ সোৱাদ লৈ চোৱা৷ এইবিধ খুবেই জনপ্ৰিয় পৰ্টুগীজ খাদ্য৷”

তেনেদৰে তেওঁ বীৰ আৰু প্ৰজ্ঞাকো নিৰামিষ আহাৰৰ পৰামৰ্শ দিলে৷ আমি বিনাপ্ৰশ্নৰে তেওঁৰ উপদেশ মানি ল’লো৷ অৰ্ডাৰ কৰা মতে খাদ্য আহিল৷ মোৰ ’ট্ৰাইপ’ আহিল মজলীয়া আকাৰৰ বাতি এটাত৷ কুকুৰাৰ মাংস আৰু কিবা বীন এবিধৰ জোল৷ বৰ হেপাঁহেৰে মুখত দিলো৷ পিছে সেই হেপাঁহ বেছিপৰ নাথাকিল৷ অতি সোনকালেই বুজি পালো, কুকুৰাৰ মাংসবোৰ সকলো নাড়ী-ভুৰুহে৷ চোবাবলৈকে বৰ কষ্ট পালো৷ কিছুপৰ যত্ন কৰিয়ে বাদ দিবলৈ বাধ্য হ’লো৷ নষ্ট কৰিবলৈ বেয়া পাই গোটেইখিনি ট্ৰাইপ এপাৰ্টমেন্টলৈ কঢ়িয়ালো৷ পৰ্ট’ত থকা গোটেইকেইটা দিন যুঁজিহে যুঁজিহে এবাতি ট্ৰাইপ শেষ কৰিব পাৰিলো৷

সেই বিখ্যাত ট্ৰাইপ বাতি 

পিছতহে গম পালো, এই খাদ্যৰ আঁৰৰ প্ৰকৃত ইতিহাস ৷ কিংবদন্তী মতে ১৪১৫ চনত উত্তৰ আফ্ৰিকাত সাগৰৰ পাৰত কা চেওটা (Ceuta) নগৰী জয় কৰিবলৈ অভিযানত ওলোৱা বিশাল পৰ্টুগীজ সৈন্যবাহিনীৰ বাবে সমগ্ৰ পৰ্ট’ নগৰবাসীয়ে সকলো মাংস দান কৰিলে৷ ফলত নগৰবাসীৰ বাবে মাথোঁ ৰৈ গ’ল পেটত নাড়ী-ভুৰুবোৰ৷ অভাৱেই আৱিষ্কাৰৰ মূল, এই আপ্তবাক্যষাৰিকে সৰোগত কৰি নগৰবাসীৰে নাড়ী-ভুৰুৰেই সৃষ্টি কৰিলে ’ট্ৰাইপ’ৰ ৰন্ধন প্ৰকৰণ৷ চেওটাৰ বিজয়ে পৰ্টুগীজসকললৈ কঢ়িয়াই আনিলে আফ্ৰিকাত উপনিবেশ স্থাপনৰ সোণালী সুযোগ৷ সেই তাহানিৰে পৰা প’ৰ্ট’বাসীৰ বাবে ’ট্ৰাইপ’ এক দেশপ্ৰেম আৰু গৌৰৱৰ ইতিহাসেৰে মহিমামণ্ডিত সুস্বাদু খাদ্য হৈ পৰিল৷ এই ট্ৰাইপ’ৰ বাবেই পৰ্ট’বাসীৰ অন্য এক নাম হ’লগৈ-ট্ৰিপেৰ’৷

No comments:

Post a Comment