Sunday 16 April 2017

এজাক ৰ’দৰ সন্ধানত (৬): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

ইউজিনিৰ চহৰত এদিন

পৰ্ট’ত আমাৰ সময় কম আছিল৷ মহানগৰখন সৰু যদিও আমাৰ তাত চাবলগীয়া ঠাইৰ তালিকা দীঘল৷ সেয়ে তিনিও আলোচনা কৰি ঠিক কৰিলোঁ, ৱাকিং ট্যুৰ এটা কৰা যাওক৷ ট্যুৰত এদিনতে মূল আকৰ্ষণবোৰ চাব পাৰিম আৰু স্থানীয় পৰ্টুগীজ গাইডৰ পৰা বহু কথা জনাও হ’ব৷ তাৰোপৰি তাৰে কোনো ঠাইলৈ আকৌ ইচ্ছা কৰিলে পিছত গৈ মনৰ জোখাৰে সময়ো কটাব পৰা হ’ব৷ 



কথামতে কাম৷ পৰ্ট’ৰ বিনামূলীয়া ৱাকিং ট্যুৰসমূহৰ বিষয়ে অনলাইন খুঁচৰি চালো৷ চকুত পৰিল, এটা বিশেষ ট্যুৰৰ ৰিভিউ খুউব ভাল৷ পূৰ্বতে এই ট্যুৰ কৰা প্ৰায়ভাগ লোকেই গাইড ইউজিনিৰ প্ৰশংসাত পঞ্চমুখ৷ ট্যুৰটো ইমানেই জনপ্ৰিয় যে বিনামূলীয়া হ’লেও আগদিনাই বুকিং কৰিলেহে পোৱা যায়৷ আমি দস্তুৰমত উৎসাহী হৈ উঠিলো৷ ঠিক হ’ল, ইউজিনিৰ এই ট্যুৰেই কৰা যাওক৷ আগনিশাই মেইল কৰি বুক কৰিলো৷ নিশা যা- যোগাৰ, ৰন্ধা-বঢ়াৰ মাজতে বীৰে আহি ক’লেহি, 



”ইউজিনি ধুনীয়া নাম, নহয়?” 

প্ৰজ্ঞাই ৰস পালে তাৰ কথাত৷ জোকাবলৈকে কৈ উঠিল, 

”এস! তোৰ মনে খাইছে নেকি বাৰু?” 
”নাই , কথাটোহে কৈছোঁ!” 
ময়ো প্ৰজ্ঞাৰ সুৰতে সুৰ মিলাই ক’লো, 



”বীৰ, এনেকৈ কাম নচলিব দেই৷ ইউজিনিক দেখুৱাবলৈ পৰ্টুগীজত দুই-এষাৰ সলসলীয়াকৈ ক’ব পাৰিবতো লাগিব৷ নহ’লে তোলৈ ঘুৰিও নাচাব৷” 



নিশা খাই বৈ শুবলৈ যোৱাৰ পৰত দেখা পালো, বীৰে সঁচাই অনলাইন পঢ়ি পঢ়ি আওৰাই আছে, 



”এক্সিউজ মি, কম লিচেন্সা৷ ছ’ৰি-ডিস্কুলপা৷ তুমি বৰ ধুনীয়া-ভ’চিএ টাও প্ৰিয়’টি............” 


পিছদিনা পুৱা সাত বজাতে আমাক নিৰ্দেশনাত কোৱাৰ দৰে পৰ্ট’ বিশ্ববিদ্যালয়ৰ সন্মুখত লায়’ন স্কুৱাৰত আমি থিয় দিলোগৈ৷ কিছুপৰৰ পিছতেই আমাক হাঁহিৰ খোৰাক যোগাই কিন্তু বীৰৰ সকলো কৌতুহল আৰু উৎসাহ নিৰ্বাপিত কৰি ইউজিনি আমাৰ কাষ চাপি আহিল৷ চুটি চুলি আৰু উজ্জল মুখেৰে এগৰাকী পঞ্চাছোৰ্ধৰ মহিলা! 

তেতিয়ালৈ সেই ঠাইত বিভিন্ন দেশৰ অন্য কেইবাজনো পৰ্য্যটক গোট খাইছিল৷ ইউজিনিয়ে আমাৰ সকলোৰে পৰিচয় ল’লে৷ তেওঁ নিজৰ বিষয়েও সংক্ষেপে ক’লে৷ আগতে ইতিহাসৰ শিক্ষক আছিল তেওঁ৷ বৰ্তমান অৱসৰ লৈ নিজৰ এই মহানগৰৰ অলিয়ে গলিয়ে পৰ্য্যটকক লৈ ফুৰি পৰ্ট’ৰ ইতিহাস সোৱঁৰাতে তেওঁ ব্যস্ত৷ এবাৰ চিনাকিতে দলৰ সকলোৰে নাম আৰু ঠিকনা ইউজিনিয়ে অকণো খেলিমেলি নকৰাকৈ মনত ৰখা দেখি আমি আচৰিতেই হ’লো৷ মানুহৰ নাম মনত ৰাখিব পৰাটো পাৰদৰ্শী যোগাযোগকাৰীৰ চিন হেনো৷ বুজিলো, কিয় এই পদযাত্ৰাৰ বিষয়ে সকলোৱে কিয় ইমান প্ৰশংসা কৰিছিল৷ মোৰ চিন্তাত যতি পেলাই ইউজিনিয়ে তেওঁৰ সৰু স্পিকাৰটোত কৈ উঠিল, 

”ৱেলকাম ট্যু মাই চিটি৷ প্ৰথমে তোমালোকক চমুকৈ পৰ্ট’ৰ ইতিহাসৰ এটা আভাস দিম৷ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত পৰ্টৰ ডউৰ’ নদীৰ পাৰত পোনপ্ৰথমে মানুহে বসতি স্থাপন কৰিছিল৷ ঠাইখনৰ নাম আছিল পৰ্টুকালে (Portucale)৷ এই নামৰ পৰাই চহৰখনৰ নাম পৰ্ট’ আৰু এই দেশৰ নাম পৰ্টুগাল হয়গৈ৷ আমাৰ ইতিহাসৰ এজন গুৰুত্বপূৰ্ণ পথপপদৰ্শক হ’ল প্ৰিন্স হেনৰি (Prince Henry the Navigator)৷ তেওঁৰ এই পৰ্ট’ চহৰতে জন্ম হয়৷ তেওঁৰ মাক লেংকেষ্টাৰৰ ৰাণী ফিলিপা আৰি পৰ্টুগালৰ ৰজা প্ৰথম জাও (Joao I) ৰ বিয়াও এই চহৰতে হৈছিল৷ এই বিয়াৰ ফলতে পৰ্টুগাল আৰু ইংলেণ্ডৰ মাজৰ খুউব ভাল সম্পৰ্ক এটা গঢ়ি উঠে৷ এই ৰাজকোঁৱৰ হেনৰীয়ে পৰ্টুগালক ইউৰোপৰ সাগৰীয় অভিযান তথা বাণিজ্যৰ কেন্দ্ৰবিন্দু কৰি তোলাত বিশেষ ভূমিকা লৈছিল৷ ১৫ শৰ পৰা ১৭ শতিকালৈ এই সময়ছোৱাত তেওঁৰ তত্ত্বাবধানত অৰ্থনৈতিক ক্ষেত্ৰত মোৰ এই চহৰখন দোপত দোপে আগুৱাই গৈছিল৷” 

মন কৰিলো, ইউজিনিয়ে পৰ্ট’ক প্ৰায় সকলো সময়তে ’মাই চিটি’ বুলিয়ে দোহাৰে আৰু শব্দ দুটাত বিশেষভাৱে জোৰ দিয়ে৷ 

”আমি আজি কেইঘন্টামান মোৰ এই চহৰৰ অলিয়ে গলিয়ে খোঁজ কাঢ়ি ইতিহাস খুঁচৰিম৷ তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মই খুবেই ভাল পাম৷ আশাকৰোঁ তোমালোকেও এই সময়খিনি উপভোগ কৰিবা৷” 

ইউজিনিৰ স’তে আমাৰ বাৰজনীয়া দলটোৱে খোঁজ দিবলৈ আৰম্ভ কৰিলে৷ দুখোঁজমান দিয়ে দোকান পোহাৰেৰে এটা ব্যস্ত এলেকাত সোমাই পৰিলো৷ ভিতৰলৈ নগৈ ইউজিনি বাটতে থমকি ৰ’ল৷ সন্মুখত দেখা পালো, ৰেষ্টুৰাঁ-দোকান বজাৰৰ লানিৰে এটা বৃহৎ ঘৰ৷ মুধচত সেউজীয়া ঘাঁহ, ঘাঁহৰ মাজে মাজে শাৰী শাৰীকৈ গছ৷ ইউজিনিয়ে ক’লে, 

Jardim das Oliveiras ৰ মুধচত অলিভ গছ 

”মুধচত এইবোৰ কি গছ ক’ব পাৰানে?” 


”অলিভ”-দলৰ কানাডাৰ পৰ্য্যটকজনে মাত দিলে৷ 


”ঠিকেই৷ এই ঠাইখনৰ নাম Jardim das Oliveiras৷ মোৰ চহৰৰ সৰ্ববৃহৎ সেউজ মুধচ (green roof)৷ মুধচৰ ওপৰত পঞ্চাছৰো অধিক অলিভ গছ আছে আৰু তলত বিভিন্ন দোকান-পোহাৰ আৰু ৰেষ্টুৰাঁ৷ এই ঠাইখন কেইবছৰমানৰ আগতেহে বনোৱা হৈছে অৱশ্যে৷



পৰ্ট’ৰ ঠেক ওখ-চাপৰ শিলৰ বাটবোৰেৰে ইউজিনিয়ে আমাক আগুৱাই লৈ গ’ল৷ ইউজিনিয়ে চিৰপৰিচিত এগৰাকীৰ দৰেই আমাক সকলোকে নামেৰে সম্বোধন কৰি ইটো সিটো দেখুৱাই আহিছে৷ নিজৰ চহৰখনৰ ঐতিহ্য সম্পৰ্কে বহিৰাগত এটা দলৰ আগত এখন ছবি আঁকিবলৈ পাই যেন ইউজিনিৰ গৌৰৱ আৰু উৎসাহৰ অন্ত নাই৷ সেয়া লুকুওৱাৰো চেষ্টা কৰা নাই তেওঁ৷



আমাৰ পদযাত্ৰা আৰম্ভ কৰাৰ পৰত কিনকিনিয়া বৰষুণ এজাক আছিল যদিও তেতিয়ালৈ বতৰ দাঙিলে৷ ইউজিনিক অনুসৰণ কৰি আহি আমি থিয় দিলোহি এটা প্ৰকাণ্ড গীৰ্জাৰ সন্মুখত৷ পটুৰ্গীজ নাম- ’Torre dos Clérigos’৷ গীৰ্জাটোৰ পশ্চিম দিশত গ্ৰেণাইটৰ এটা স্তম্ভ৷ তাৰ শীৰ্ষত এটা ঘুৰণীয়া ঘড়ী৷ এই ক্লেৰিগ’ছৰ গীৰ্জাটো পৰ্ট’ৰ এটা উল্লেখযোগ্য আকৰ্ষণ৷ ইউজিনিয়ে ক’লে,


”ওঠৰশ শাতিকাত ইটালীৰ এগৰাকী স্থাপত্যবিদ নিকলাও নাচনি (Nicolau Nasoni) য়ে এই গীৰ্জাৰ আৰ্হি তৈয়াৰ কৰিছিল৷ তোমালোকে আজি আমাৰ ট্যুৰতে দেখিবা, পৰ্ট’ৰ চুকে কোণে তেওঁ নিৰ্মাণ কৰা ভালেসংখ্যক ঘৰত তেওঁৰ চহী খোদিত আছে৷”

গ্ৰেণাইটৰ ওখ স্তম্ভটোলৈ আঙুলীয়াই আমাৰ দলৰ কেকোঁৰা চুলিৰ শ্বেতাংগ ছোৱালীজনীয়ে সুধিলে,

”সেই স্তম্ভটোৰ ওপৰলৈ যাব পাৰিনে?”

ইউজিনিয়ে যেন সেই প্ৰশ্নটোলৈকে বাট চাই আছিল৷ মিচিকিয়া হাঁহি এটাৰে তেওঁ ক’লে,

”হয় হয়-দুই ভৰি ভালকৈয়ে কামত লাগিব পৰাকৈ ওপৰলৈকে খটখটী আছে৷ ১৯১৭ চনত পোণপ্ৰথমে দুগৰাকী স্পেনিচ লোকে বাহিৰৰ পৰা এই স্তম্ভৰ শীৰ্ষলৈকে আৰোহণ কৰিছিল৷ এতিয়াহে পৰ্য্যটকৰ বাবে স্তম্ভৰ ভিতৰেদি একেবাৰে শীৰ্ষলৈ খটখটীৰ ব্যৱস্থা কৰিছে৷”

দিনটোৰ পিছৰ পৰিকল্পনাবোৰৰ কথা মনত পেলাই আমি সেই চিন্তা বাদ দিলো৷ এইবাৰ ’Rua dos Clérigos’ গলিয়েদি আমৰ দলটো ঘুৰিল৷ সেইবাটেৰে পাঁচমিনিটমান খোঁজ কাঢ়ি গৈ বাওঁহাতে ঘুৰিয়ে আমি মুখামুখি হ’লো, এক আহল-বহল কাৰুকাৰ্য্যৰে ভৰা বাটৰ৷ এয়াই পৰ্ট’ মহানগৰীৰ কেন্দ্ৰবিন্দু বিখ্যাত ’Praça da Liberdade’ বা লিবাৰ্টি স্কোৱাৰ৷ বাটৰ সিমুৰত এটা বিশালকায় অট্টালিকা- ’Monumento a Garrett’| পৰ্টুগালত ৰোমান্টিক আন্দোলনৰ উন্মেষ ঘটোৱা বিখ্যাত কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ এলমেইডা গেৰেট (Almeida Garrett) ৰ সোঁৱৰণত এই নাম দিয়া হৈছে, ইউজিনিয়ে জনালে৷ 
স্কোৱাৰৰ মাজভাগত ৰজা চতুৰ্থ পিটাৰৰ এটা বৃহৎ প্ৰতিমূৰ্ত্তি৷ এটা ঘোঁৰাৰ ওপৰত বহি এখন হাতেৰে সংবিধানখন লৈ থকা অৱস্থাত৷ এই প্ৰতিমূৰ্ত্তি ফৰাচী স্থাপত্যপিদ এনাট’লে কালমেলছ (Anatole Calmels) এ নিৰ্মাণ কৰাৰ পিছত ১৮৬৬ চনত স্থাপন কৰিছিল৷এটা ঘোঁৰাৰ ওপৰত উঠি আছে যুদ্ধংদেহি মনোভাৱেৰে৷ এখন হাতত এখন সংবিধান৷ লিবাৰেল যুদ্ধৰ সময়ত তেওঁ সংবিধান প্ৰদত্ত অধিকাৰ সমূহৰ প্ৰতিৰক্ষাৰ বাবে যুঁজ দিছিল৷ সেই বাবেই এই সংবিধান!

স্কোৱাৰৰ দক্ষিণদিশত কাৰ্দ’ছাছ মহল (Palácio das Cardosas) আটাইতকৈ প্ৰাচীন ঘৰ৷ ১৭৭৮ চনত ছেইন্ট এলিজিয়াছৰ নিৰ্দেশমতে এই মহলটো নিৰ্মাণ কৰা হৈছিল৷ লিবাৰ্টি স্কোৱাৰৰ কেইবাটাও বৃহদাকাৰ অট্টালিকা বেংক, হোটেল আদিয়ে অধিকাৰ কৰি আছে৷

স্কোৱাৰৰ প্ৰতিমূৰ্ত্তিবোৰৰ আগত আমাৰ ফটো তোলা কাৰবাৰ শেষ হোৱাৰ পিছত আমি সেইবাটেৰেই পোনে পোনে আগবাঢ়িলো৷ পাঁচমিনিটৰ পিছতে আমাৰ দলটো থিয় দিলেহি এখন মেকড’নাল্ডৰ সন্মুখত৷ ইউজিনিয়ে মাইক্ৰফোনটো ওচৰলৈ আনি কৈ উঠিল,

”তোমালোকে চাগৈ ভাবিছা, পৰ্ট’ মহানগৰ দেখুৱাবলৈ আনি মই মেকড’নাল্ডৰ সন্মুখহে পোৱালোহি বুলি! কিন্তু নহয়৷ এইখন মেকড’নাল্ড অন্যবোৰৰ দৰে সাধাৰণ এখন মেকড’নাল্ড নহয়! এইখন বিশ্বৰ ভিতৰতে সবাতোকৈ ধুনীয়া মেকড’নাল্ড বুলি মানুহে কয়৷ কিন্তু এই ঠাইখনৰ এক ইতিহাস আছে৷ সন্মুখৰ এই ঈগলটো মন কৰাচোন৷” আমাৰ চকুত পৰিল, সোণালী আখৰেৰে লিখা মেকড’নাল্ডৰ নাম- তাৰ ঠিক ওপৰতে পাখি মেলি ৰৈ থকা ঈগল চৰাই এটাৰ প্ৰতিমূৰ্ত্তি ৷ দেখাতেই প্ৰাচীনতাৰ উমান পোৱা যায়৷

ইউজিনিয়ে ক’লে,
”তোমালোকে সকলো মেকড’নাল্ডখনৰ ভিতৰলৈ গৈ এবাৰ ভালকৈ চাই আহাগৈ- ইয়াৰ মুধচ আৰু চাৰিবেৰৰ কাৰুকাৰ্য্য আদি সকলোখিনি৷ চাই আহি এই ঠাইৰ ইতিহাসৰ বিষয়ে তোমালোকে কি অনুমান কৰা শুনোচোন৷”

আমি সকলো উৎসুকতাৰে ভিতৰলৈ সোমাই গ’লো৷ ইউজিনি বাহিৰতে থিয় দি ৰ’ল৷ তেওঁ হয়তো প্ৰতিদিনৰ ট্যুৰত ইয়ালৈ কিমানবাৰ আহিছে তাৰ লেখ-জোখ নাই৷ মেকড’নাল্ডৰ কৰ্মকতাসকলে হয়তো এনেকৈ দলে দলে পৰ্য্যটকৰ আমনি পোৱাত অভ্যস্ত৷ সেয়ে একোকে খাবলৈ অৰ্ডাৰ নকৰি গোটেইখন পিটপিটাই ফুৰা স্বত্বেও আমাক কোনেও বিৰক্তিভাৱ নেদেখুৱালে৷

ভিতৰৰ কাৰুকাৰ্য্যবোৰ সঁচাই চকুতলগা৷ স্ফটিকৰ আইনাত কফিৰ প্ৰস্তুতিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ ৰঙীণ ছবি, বেৰত বিভিন্ন নৃত্যৰ মুদ্ৰাৰ খোদাই কৰা সোণালী প্ৰতিমূৰ্ত্তি, মনোমোহা চেণ্ডেলিয়াৰ৷ আমি ওলাই আহি ইউজিনিৰ লগ লোৱাৰ পিছত তেওঁ ক’লে, এইখন প্ৰকৃততে ১৯৪০ চনৰ এখন ঐতিহাসিক কেফে যাৰ নাম আছিল ইম্পেৰিয়েল কেফে৷ কেইবামহলীয়া এই কেফেত এটা ডাঙৰ হলঘৰৰ সৈতে পৃথক বিলিয়াৰ্ডছৰ কোঠা, বেলকনি, লাউঞ্জ আদি আছিল৷ মেকড’নাল্ডে অধিগ্ৰহণ কৰাৰ পিছতো অৱশ্যে ঐতিহাসিক কেফেখনৰ সৌন্দয্য হানি নোহোৱাকৈ প্ৰাচীন আৰু আধুনিক কাৰুকাৰ্য্যৰ এক সমতা ৰাখিছে৷ 

No comments:

Post a Comment